Saturday, May 6, 2017

AFSPA তিনি মাহলৈ বলবৎ সমগ্ৰ অসমত, আলছুৰ সভাপতি সম্পাদকৰ প্ৰতিক্ৰিয়া…

কেন্দ্ৰীয় চৰকাৰে গোটেই অসমত বিশেষ সেনা বাহিনী আইন [Armed Forces (Special Powers) Act — AFSPA] বলবৎ কৰি পুনৰ সাধাৰন অসহায় জনতাৰ ওপৰত অত্যাচাৰ আৰাম্ভ কৰি মানৱ অধিকাৰ বিৰ্সজন দিবলৈ উলাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে সঞ্জীৱ বৰা আৰু চামছুল হকে, বিগত সময়ত মনিপুৰত এই আইন প্ৰত্যাহাৰৰ দাৱী লৌহ মানৱী ইৰম শৰ্মীলাৰ বছৰ বছৰ অনশনকো পদলেহন কৰি মনিপুৰৰ সাধানৰন নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ পিছতো আলফা, এন এছ চি এন (খাপলাং) এন এছ চি এন (আই এম), এনডি এফ বি, অবাধ বিচৰনৰ অজুহাতত সমগ্ৰ অসমত এই আইন বলবৎ কৰি অসমৰ নিৰিহ জনসাধাৰনৰ ওপৰত অত্যাচাৰ চলাব খুজিছে কেন্দ্ৰীয় চৰকাৰে বুলি মন্তব্য কৰে সদৌ অসম আইন ছাত্ৰ সন্থাই। অসমৰ জনসাধাৰনে সন্ত্ৰাসবাদ দমনৰ নামত সেনাৰ সাধাৰন নাগৰিকৰ ওপৰত অকথ্য নিৰ্য্যাতন আজিও পাহৰা নাই বুলি উল্লেখ কৰি সভাপতি সঞ্জীৱ বৰাই কয় যে যদিহে অনাগত দিনত এই আইনৰ গয়না লৈ সাধাৰন নাগৰিকৰ ওপৰত অত্যাচাৰ আৰাম্ভ হয় সদৌ অসম আইন ছাত্ৰ সন্থা মনে মনে নাথাকে বুলিও কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে।

No comments:

Post a Comment